অটল অমৃত অভিযান

নগদবিহীন মাধ্যমৰ অধীনত সুবিধাসমূহ

অসম চৰকাৰৰ এক অভিলাষী স্বাস্থ্য নিশ্চিয়তা আঁচনি

নাগৰিকসকলৰ কল্যাণ সুনিশ্চিত কৰিবলৈ, বিশেষকৈ অৱহেলিত লোকসকলক সু-স্বাস্থ্যৰ উপহাৰ প্ৰদান কৰিবলৈ এইয়া মুকলি কৰা হৈছে?

অসুস্থতা, যদিও সেইয়া দুৰাৰোগ্য বা বিষমেই হওঁক, ঘৰুৱা কামৰ ব্যয়্সমূহৰ ওপৰত বৃহৎ পৰিণামসমূহৰ ব্যাপক বিপৰ্য্যয় আনি দিব পাৰে | তাৰোপৰি, কেতিয়াবা জটিল অসুস্থতা হওঁতে, সীমিত গুণগত চিকিৎসা প্ৰাপ্ত কৰাৰ সুযোগ সীমিত হয় | এইয়া এক সত্য যে, অসমৰ বহুতো মানুহে চিকিৎসা কৰাৰ বাবে ৰাজ্যৰ বাহিৰলৈ যাব লগা হয় , এইদৰে এক অতিৰিক্ত ব্যয় সংঘটিত কৰায়, এইবোৰে তেওঁলোকক অভাৱৰ সন্মুখীন কৰায় | অসম চৰকাৰে অসমৰ প্ৰতিজন নাগৰিকক সহায় কৰাৰ বাবে দৃঢ় প্ৰতিজ্ঞাবদ্ধ যে, এনে কঠিন সময়চোৱাত প্ৰতিজন নাগৰিকক অকলে এৰি নিদিয়ে |

মাননীয় প্ৰধানমন্ত্ৰীৰ দৰ্শন “সবকা সাথ সাবকা বিকাশ”ৰ দ্বাৰা অনুপ্ৰাণিত হৈ আৰম্ভ কৰা, অটল অমৃত অভিযান হৈছে স্বাস্থ্য সুনিশ্চিত কৰিবৰ বাবে অসম চৰকাৰ এক ধ্বজাধাৰী আঁচনি | এই উচ্চাকাংক্ষী আঁচনিয়ে বিপিএল বা দৰিদ্ৰ সীমা ৰেখাৰ তলৰ প্ৰতিজন ব্যক্তিলৈ আৰু গোটেই অসমজুৰি নিম্ন আয়ৰ পৰিয়ালসমূহলৈ 2 লাখ টকালৈকে ব্যাপক আচ্ছাদনৰ সৈতে আৰু নগদবিহীন চিকিৎসাৰ সুবিধা প্ৰদান কৰিছে, এই চিকিৎসা ছয়টা সাধাৰণতে হোৱা আৰু উচ্চ ব্যয়ৰ ৰোগসমূহৰ গ্ৰুপসমূহ যেনে-(ক) হৃদ ৰোগসমূহ, (খ) কৰ্কট (গ) বৃক্কজনিত ৰোগসমূহ, (ঘ) স্নায়ুভিত্তিক অৱস্থাসমূহ, (ঙ) নৱজাতকাৰ ৰোগসমূহ আৰু (চ) অগ্নিদগ্ধ |

চিন্তামুক্ত আৰু শ্ৰেষ্ঠ পৰ্য্যায়ৰ চিকিৎসা ছয়্টা বিশেষ বিভাগসমূহৰ ভিতৰত ৪৩৮ অনুমোদিত প্ৰক্ৰিয়াৰ চিকিৎসা প্ৰদান কৰা হয়, অটল অমৃত অভিযান আঁচনি হৈছে প্ৰসৱৰ সময়ত নগদবিহীন চিকিৎসা প্ৰদান কৰা | নগদবিহীন চিকিৎসা যোগ্য পৰিয়ালৰ প্ৰতিজন প্ৰাপ্ত বয়স্ক সদস্যৰ বাবে এক বিশেষ চিনাক্তকৰণ নম্বৰ থকা লেমিনেটেড কাৰ্ডেৰে লেনদেন কৰাৰ সুবিধা প্ৰদান কৰা হয় |

প্ৰতিগৰাকী যোগ্য নাবালকক তাৰ/তাইৰ পৰিয়ালৰ মূখ্য ব্যক্তিজনৰ অধীনত অন্তৰ্ভূক্ত কৰা হয় |

ক্লিক কৰক অসম চৰকাৰৰ চৰকাৰী ৱেবচাইট পৰিদৰ্শন কৰিবলৈ ইয়াত

২৪ x ৭ শুল্কহীন হেল্পলাইন নম্বৰ-১৮০০ ১০২ ৭৪৮০

আচ্ছাদন

প্ৰতি বছৰে প্ৰতিটো যোগ্য পৰিয়ালৰ, প্ৰতি গৰাকী ব্যক্তিলৈ ২ লাখ টকাৰ আচ্ছাদন দিয়া হয় |

নিম্নলিখিত বিশেষ বিভাগসমূহত ৪৩৮ জটিল সেৱাৰ প্ৰক্ৰিয়াক সামৰি নগদবিহীন চিকিৎসা প্ৰদান কৰা হয়: -হৃদ ৰোগসমূহ, কৰ্কট ,বৃক্কজনিত ৰোগসমূহ, স্নায়ুভিত্তিক অৱস্থাসমূহ, নৱজাতকৰ ৰোগসমূহ আৰু অগ্নিদগ্ধ |

নগদবিহীন সেৱা:

  • অসমৰ যিকোনো ঠাইতে তালিকাভুক্ত নেটৱৰ্ক চিকিৎসালয়সমূহত.
  • নিম্নলিখিত চহৰসমূহৰ তালিকাভুক্ত চিকিৎসালয়সমূহত: কলকাতা, দিল্লী(এনচিআৰ অঞ্চল), চেন্নাই, বাংগালুৰু, মুম্বাই(কেৱল কেন্সাৰ চিকিৎসা)

Download scheme brochure for detailed information on roles and responsibilities.

View in Assamese View in English

যোগ্য স্বত্বভোগীসকল

Assam Atal Amrit Abhiyan

বিপিএল পৰিয়ালসমূহ:

১.২ লাখতকৈ নিম্ন বাৰ্ষিক আয়ৰ (বিপিএল) পৰিয়ালসমূহৰ ব্যক্তিসকললৈ(মুক্ত নামভৰ্তিকৰণ)

এপিএল পৰিয়ালসমূহ:

১.২ লাখ আৰু ৫ লাখ( প্ৰতি বছৰে নামমাত্ৰ প্ৰিমিয়াম ১০০/-টকা)ৰ মাজত নিম্ন বাৰ্ষিক আয় (এপিএল)ৰ ব্যক্তিসকল


  • তালিকাভুক্তকৰণৰ বিষয়বস্তু হল পৰিয়ালৰ প্ৰতিজন সদস্যৰ সকলো সম্পৰ্কীয় নথিপত্ৰৰ সত্যতা পৰীক্ষা আৰু দাখিল |
  • কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰী কৰ্মচাৰীসকল, বৰ্তমানে কৰি থকা বা অৱসৰ প্ৰাপ্তসকল এই আঁচনিৰ বাবে যোগ্য নহয়

Disclaimer: All Atal Amrit Beneficiary cards will be activated for cashless treatment on 15 Aug 2017 or as announced by the Government. All APL beneficiaries will be charged Rs 100 as enrolment Fee. Till the formal activation date , the card will not be usable at Hospital locations.

প্ৰদৰ্শনী

পি.এম.জে.এ.ৱাই.-আয়ুস্মান ভাৰত আঁচনিৰ অধীনত তালিকাভুক্তকৰন চলি আছে| অনলাইন আবেদনৰ বাবে ইয়াত  ক্লিক কৰক

অটল অমৃত অভিয়ানত অন্তভূক্ত সকলো এ,পি,এল হিতাধিকাৰীয়ে কাৰ্ডসমূহ নৱীকৰণৰ বাবে ওচৰৰ জিলা তথ্য কেন্দ্ৰ সমূহত পূৰ্বতে পৰিশোধ কৰা মূল্য পৰিশোধ কৰি যোগাযোগ কৰক ৷