সঘনাই সোধা প্ৰশ্নসমূহ

প্রধানমন্ত্রীৰ জন আৰোগ্য পৰিকল্পনাৰ উদ্দেশ্য কি হয়?

জটিল ৰোগত ভুগি থকা অসমৰ ৰাইজক উপশম দিয়াৰ বাবে অসম চৰকাৰৰ দ্বাৰা অটল অমৃত অভিযান আৰম্ভ কৰা হয় |এই অভিলাষী আঁচনিয়ে ৬ টাকৈ বিশেষ জটিল ৰোগৰ সেৱাৰ বাবে ৪৩৮ অনুমোদিত উত্তম চিকিৎসা সহজলভ্য কৰাবলৈ, প্ৰতিজন যোগ্য ব্যক্তিক নগদবিহীন ২ লাখ টকাৰ আচ্ছাদন প্ৰদান কৰে |
এই আঁচনিৰ বিষয়ে সৱিশেষ প্ৰশ্ন বা অভিযোগসমূহ জানিবৰ বাবে আপুনি ১৮০০১০২৭৪৮০ আৰু ১০৪ লৈ ক’ল কৰিব পাৰে | .

এই আঁচনিৰ বাবে কোনটো বিভাগ দায়বদ্ধ হয়?

অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ তত্ত্বাৱধানৰ অধীনত এক পৃথক সংস্থা স্থাপন কৰা হয়, যি-অটল অমৃত অভিযান সংস্থাৰ প্ৰশাসনৰ বাবে দায়বদ্ধ হয় |

এই আঁচনিৰ সুবিধা উপভোগ কৰাৰ বাবে নতুবা এই আঁচনিত ভৰ্তিকৰণৰ বাবে যোগ্য কোন হয়?

সকলো বিপিএল বা দৰিদ্ৰ সীমা ৰেখাৰ ব্যক্তি(যি পৰিয়ালৰ বাৰ্ষিক আয় ১.২ লাখলৈ হয়) আৰু সকলো এপিএল পৰিয়াল (যি পৰিয়ালৰ বাৰ্ষিক আয় ১.২ আৰু ৫ লাখৰ ভিতৰত হয়) সেইসকলে এই আঁচনিৰ অধীনত ভৰ্তিকৰণৰ বাবে আৰু সুবিধাসমূহ প্ৰাপ্ত কৰাৰ বাবে যোগ্য হয় |

এই আঁচনিৰ অধীনত চিকিৎসাৰ বাবে কোন কেইটা ৬ টা বিশেষ বিভাগ সামৰি লোৱা হয়?

এই আঁচনিৰ অধীনত সামৰি লোৱা বিশেষ বিভাগসমূহ হৈছে:

*ককৰ্ট
*হৃদ ৰোগ
*যকৃত ৰোগ
*স্নায়ুজনিত ৰোগ
*নৱজাতকৰ ৰোগসমূহ আৰু
*অগ্নি দগ্ধসমূহ

ওপৰৰ সকলো ৬ টা বিশেষ ৰোগসমূহ এএএ ৰ দ্বাৰা আচ্ছাদিত কৰা হয়নে?

ওপৰৰ ৬ বিধ বিশেষ ৰোগৰ ভিতৰত কেৱল ৪৩৮ টা নিৰ্বাচিত আৰু অনুমোদিত প্ৰক্ৰিয়াসমূহ আচ্ছাদন কৰা হয় |প্ৰক্ৰিয়াসমূহৰ তালিকাৰ সৱিশেষৰ বাবে অনুগ্ৰহ কৰি হেল্পলাইন নম্বৰ ১৮০০১০২৭৪৮০ আৰু ১০৪লৈ লৈ ক’ল কৰক নতুবা আপোনাৰ নিকটৱৰ্তী জিলা চিকিৎসালয়ত যোগাযোগ কৰক |

এই আঁচনিৰ অধীনত প্ৰক্ৰিয়া/ চিকিৎসাসমূহৰ বাবে প্ৰতি বছৰত কিমান টকা সুনিশ্চিত কৰা হয়?

এই আঁচনিৰ অধীনত প্ৰতিটো যোগ্য পৰিয়ালৰ বাবে প্ৰতি বছৰত প্ৰতি সদস্যৰ বাবে ২ লাখ টকাৰ আচ্ছাদন দিয়া হয় |

এই আঁচনিৰ অধীনত ভৰ্তিকৰণৰ বাবে প্ৰয়োজনীয় নথিপত্ৰসমূহ কি কি হয়?

১৮ বছৰৰ ওপৰৰ প্ৰতিজন সদস্যৰ বাবে

*ফটোগ্ৰাফ
*ভোটাৰ আইডি কাৰ্ড

১৮ বছৰৰ তলৰ প্ৰতিজন সদস্যৰ বাবে.

*ফটোগ্ৰাফ
*জন্ম প্ৰমাণপত্ৰ

সি/তাই স্ব-স্বাক্ষৰ কৰা পৰিয়ালৰ আয়ৰ প্ৰমাণপত্ৰ এখন লাগিব, যিখনত এইয়া উল্লেখ কৰা থাকিব যে, তেওঁৰ পৰিয়ালৰ বাৰ্ষিক আয় ৫০,০০০০টকাৰ তলত হয় |

ভৰ্তিকৰণৰ সময়ত কিবা মাচুল আদায় দিব লাগিব নেকি?

বিপিএল বা দৰিদ্ৰ সীমা ৰেখাৰ পৰিয়ালসমূহৰ সদস্যসকলৰ বাবে এই আঁচনিৰ অধীনত ভৰ্তিকৰণ সম্পূৰ্ণভাৱে বিনামূলীয়া হয় |

ভৰ্তিকৰণৰ সময়ত এপিএল পৰিয়ালৰ সদস্যসকলৰ প্ৰতিজন সদস্যলৈ ন্যূনতম পৰিমাণ ১০০/- টকা পৰিশোধ কৰাৰ প্ৰয়োজন হয় |প্ৰতি বছৰে প্ৰতিজন এপিএল স্বত্বভোগীৰ পৰা বছৰত নৱীকৰণৰ বাবে ১০০/- টকা আদায় লোৱা হ’ব |

এই আঁচনিৰ অধীনত কোনে ভৰ্তিকৰণ কৰিব পাৰে? আৰু কাৰ্ডখন নষ্ট বা হেৰাই যোৱাৰ ফলত পুনৰ জাৰি কৰাবলৈ কাৰ কাষ চাঁপিব লাগে?

এই আঁচনিত ভৰ্তিকৰণৰ বাবে, বা কাৰ্ডসমূহ হেৰাই বা নষ্ট হোৱাৰ ফলত পুনৰজাৰি কৰাৰ বাবে, যোগ্যতাৰ মানদণ্ড সম্পূৰ্ণ কৰা যিকোনো যোগ্য ব্যক্তিয়ে তাৰ/তাইৰ জিলাত স্থাপিত “অটল অমৃত অভিযান জিলা ভৰ্তিকৰণ কিয়স্কসমূহ"ৰ কাষ চাঁপিব পাৰে |

এই আঁচনিত ভৰ্তিকৰণৰ পাছত স্বত্বভোগীসকলক কোনবোৰ নথিপত্ৰ প্ৰদান কৰা হয়? আৰু ভৰ্তিকৰণৰ সময়ত লেমিনেটেড কাৰ্ড প্ৰদান কৰাৰ উদ্দেশ্য কি হয়?

প্ৰতিজন ভৰ্তি হোৱা প্ৰাপ্তবয়স্ক(১৮ বছৰৰ ওপৰৰ) স্বত্বভোগীক তাৰ/তাইৰ পৰিয়ালৰ লগত সম্পৰ্ক কৰাকৈ একক চিনাক্তকৰণ নম্বৰ বা ইউনিক আইডেনটিফিকেশ্বন নম্বৰ থকা এখন লেমিনেটেড ফটো আইডি কাৰ্ড মুকলি কৰা হ’ব |

তদুপৰি, ভৰ্তিকৰণৰ সময়ত প্ৰতিজন ব্যক্তিৰ বায়মেট্ৰিক্সসমূহ গ্ৰহণ কৰা হ’ব আৰু চিনাক্তকৰণ আৰু সত্যতা প্ৰতিপন্ন কৰা বাবে ব্যৱহাৰ কৰা হ’ব |

চিকিৎসা প্ৰাপ্ত কৰাৰ সময়ত তালিকাভুক্ত চিকিৎসালয়সমূহত এই কাৰ্ডসমূহ উপস্থাপন কৰিব লাগিব |

অনুগ্ৰহ কৰি মন কৰিব: নাবালক স্বত্বভোগীসকলক(১৮ বছৰৰ তলৰ) এক পৃথক কাৰ্ড প্ৰদান কৰা হ’ব, কিন্তু তেওঁলোকৰ নামসমূহ পৰিয়ালৰ প্ৰধান মূৰব্বীজনৰ কাৰ্ডত টেগ কৰা হয়, এইয়া দেখাবলৈ যাতে নাবালকজন তেওঁৰ পৰিয়ালৰ হয় |নাবালক স্বত্বভোগীজনৰ চিকিৎসা প্ৰাপ্ত কৰাৰ সময়ত, তালিকাভুক্ত চিকিৎসালয়ত কাৰ্ডত উল্লেখ কৰা পৰিয়ালৰ মূৰব্বীজন উপস্থিত থাকিব লাগে |

তালিকাভুক্ত চিকিৎসালয় কি হয়? আৰু এই আঁচনিৰ অধীনত কোনবোৰ চিকিৎসালয়ত চিকিৎসা প্ৰাপ্ত কৰিব পৰা যাব?

ৰাজ্যৰ ভিতৰৰ আৰু বাহিৰৰ ৰাজহুৱা আৰু ব্যক্তিগত দুয়োটা চিকিৎসালয়ত এই আঁচনিৰ অধীনত তালিকাভুক্ত কৰা হৈছে | তালিকাভুক্ত চিকিৎসালয়সমূহ হৈছে সেইকেইখন চিকিৎসালয় যিকেইখনত এই আঁচনিৰ অধীনত স্বত্বভোগীসকলে নগদবিহীন চিকিৎসা (উপযোগ্য পৰিমাণলৈকে) প্ৰাপ্ত কৰাৰ বাবে সুবিধা প্ৰাপ্ত কৰে |

তালিকাভুক্ত চিকিৎসালয়সমূহ বিদ্যমান তালিকাখন জিলা চিকিৎসালয় ,ক’ল চেন্টাৰসমূহ,জিলা কিয়স্ক আৰু আৰোগ্য মিত্ৰসমূহৰ পৰা প্ৰাপ্ত কৰিব পৰা যায় | পিছলৈ, তালিকাভুক্ত চিকিৎসালয়সমূহ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাব | সকলো তালিকাভুক্ত চিকিৎসা লয়ত এজন এএএ কিয়স্ক থাকিব, যিখনৰ আৰোগ্যমিত্ৰজনে স্বত্বভোগীজনক সহায় কৰিবৰ বাবে উপস্থিত থাকিব|

এই আঁচনিৰ অধীনত চিকিৎসা প্ৰাপ্ত কৰাৰ বাবে এজন স্বত্বভোগীয়ে প্ৰথম কাৰ কাষলৈ যাব লাগে? এজন স্বত্বভোগীয়ে প্ৰত্যক্ষভাৱে এখন তালিকাভুক্ত ব্যক্তিগত চিকিৎসালয়লৈ যাব পাৰেনে?

অসমৰ ভিতৰত: অসমৰ ভিতৰত এই আঁচনিৰ অধীনত চিকিৎসা প্ৰাপ্ত কৰাৰ বাবে, এজন ভৰ্তিকৰণ স্বত্বভোগীয়ে প্ৰত্যক্ষভাৱে যিকোনো তালিকাভুক্ত চিকিৎসালয়ৰ কাষ চাঁপিব পাৰে |

অসমৰ বাহিৰত: অসমৰ বাহিৰত চিকিৎসাৰ বাবে, এজন স্বত্বভোগীৰ দুটা বিকল্প আছে:

ক) স্বত্বভোগীসকলক যিখন ঠাইলৈ যাবলৈ পৰিবহনৰ ব্যয়সমূহত(২ লাখ টকাৰ উপযোগ্য পৰিমাণৰ ভিতৰত)আৰু চিকিৎসালয় ব্যৱস্থাসমূহৰ ওপৰত সহায়ৰ প্ৰয়োজন হয়, সেইখন ঠাইত, সি/তাই অটল অমৃত অভিযান ক’ল চেন্টাৰ নম্বৰ ১৮০০১০২ ৭৪৮০ নম্বৰলৈ ফোন কৰিব পাৰে |এই আঁচনিৰ নিয়মাৱলী অনুসৰি তেওঁলোকৰ বাবে পৰিবহনকে ধৰি সকলো প্ৰয়োজনীয় ব্যৱস্থাসমূহ কৰি দিয়া হ’ব |

খ)স্বত্বভোগীসকলে নিজেও নিজস্ব খৰচত অসমৰ বাহিৰৰ এখন তালিকাভুক্ত চিকিৎসালয়লৈ যাব পাৰে |অৱশ্যে এনে ক্ষেত্ৰত তেওঁলোকে চিকিৎসালয়ত চিটৰ সহজলভ্যতা থকাকে ধৰি চিকিৎসাৰ বাবে সম্পৰ্কীয় চিকিৎসালয়ৰ সৈতে প্ৰয়োজনীয় টাই-আপ কৰাৰ দায়িত্বৰ বাহিৰে তেওঁলোকৰ পৰিবহনৰ ব্যয়সমূহ বহন কৰিব লাগিব| এনে স্বত্বভোগীসকলে ২ লাখ টকাৰ সুবিধা পোৱাৰ বাবেও দায়বদ্ধ হ’ব, এই আঁচনিৰ অধীনত স্থাপিত নিয়ম অনুসৰি এইখিনি টকা প্ৰত্যক্ষভাৱে চিকিৎসালয়লৈ পৰিশোধ কৰা হ’ব |

তালিকাভুক্ত চিকিৎসালয়সমূহত সহায়ৰ বাবে স্বত্বভোগীসকলে কাৰ কাষ চাঁপিব লাগে?

স্বত্বভোগীসকলে প্ৰতিটো তালিকাভুক্ত চিকিৎসালয়ত হেল্পডেক্সৰ কাষ চপাঁ উচিত, আৰোগ্যমিত্ৰ তেওঁলোকক সহায় কৰিবৰ বাবে ২৪ x ৭ ঘন্টা সময় ধৰি থাকিব, আৰু তেওঁলোকৰ চিকিৎসা অভিজ্ঞতা যাতে অখণ্ড হয় সেইয়া সুনিশ্চিত কৰিব |

বাৰ্ষিক ২ লাখ টকাৰ ভিতৰত কোনবোৰ আচ্ছাদিত কৰা হ’ব?

-অসমৰ বাহিৰত যাত্ৰা- (উৰাজাহাজৰ মাচুল)প্ৰতিজন স্বত্বভোগী আৰু এজন পৰিচাৰকৰ বাবে অসমৰ বাহিৰলৈ যাবলৈ সৰ্বোচ্চ ৩০,০০০/- টকা |(যিসকলে স্বত্বভোগীয়ে প্ৰত্যক্ষভাৱে অসমৰ বাহিৰৰ তালিকাভুক্ত চিকিৎসালয়লৈ নাযায়, সেইসকলক প্ৰদান কৰা হয়)

-অসমৰ ভিতৰত- প্ৰতিটো ভ্ৰমণৰ বাবে যাত্ৰাৰ ভাট্টা ৩০০/-টকা, অসমৰ ভিতৰত বছৰত সৰ্বোচ্চ ৩,০০০/- টকা |

-চিকিৎসা-সন্মত হোৱা পেকেজৰ মূল্য অনুসৰি |

-দৈনিক ভাট্টা- অসমৰ বাহিৰত চিকিৎসাৰ বাবে সৰ্বোচ্চ ১০ দিনৰ বাবে দৈনিক ভাট্টা ১,০০০/- টকা |

যাত্ৰাৰ ব্যৱস্থাসমূহ কোনে কৰি দিয়ে?

অসমৰ ভিতৰত- স্বত্বভোগীৰ দ্বাৰা ব্যৱস্থাসমূহ কৰা উচিত, যিখিনিৰ পৰা প্ৰতিটো ভ্ৰমণৰ বাবে যাত্ৰাৰ ভাট্টা ৩০০/-টকা, বছৰত সৰ্বোচ্চ ৩,০০০/- টকা ঘূৰাই দিয়া হয় | অসমৰ বাহিৰত, কল চেন্টাৰৰ জৰিয়তে ব্যৱস্থাসমূহ কৰা হ’ব, যিজনে স্বত্বভোগীক লগতে কথাখিনি জনাই থকাটোও নিশ্চিত কৰিব |

ৰোগ নিৰ্ণয়ৰ পৰীক্ষাসমূহকো আচ্ছাদিত কৰা হ’ব নেকি?

হয়, তালিকাভুক্ত চিকিৎসালত ভৰ্তিকৰণৰ ২৪-ঘন্টাৰ আগতে সম্পন্ন কৰা সকলো ৰোগ নিৰ্ণয়ৰ পৰীক্ষাসমূহকো এই আঁচনিৰ অধীনত আচ্ছাদিত কৰা হ’ব |

চিকিৎসাৰ কোনো পৰ্য্যায়ৰ ব্যয়সমূহ স্বত্বভোগীলৈ প্ৰত্যক্ষভাৱে ঘূৰাই দিয়া হ’বনে?

নহয়| ৰোগীয়ে তালিকাভুক্ত চিকিৎসালয় সমূহত প্ৰতি বছৰে ২ লাখ টকালৈকে নগদবিহীন চিকিৎসা পাব পাৰিব আৰু টকাখিনি প্ৰত্যক্ষভাৱে চিকিৎসালয়লৈ পৰিশোধ কৰা হ’ব |

যদিহে চিকিৎসা এবাৰতে ২ লাখ টকাৰ মুঠ ব্যয়ৰ ওপৰত হয় বা যদিহে এজন স্বত্বভোগীৰ বাবে এক বছৰত ২ লাখ টকা শেষ হৈ যায়, তেন্তে কি হ’ব?

এই আঁচনিত প্ৰতি বছৰত, প্ৰতিজন স্বত্বভোগীৰ বাবে ২ লাখ টকালৈকে আচ্ছাদন কৰা হ’ব |এই প্ৰদত্ত সীমাৰ ওপৰত হোৱা কোনো ব্যয় স্বত্বভোগীৰ দ্বাৰা নিজে বহন কৰিব লাগিব|

এই আঁচনিৰ ওপৰত অতিৰিক্ত তথ্য মই ক’ৰ পৰা পাম?

এই আঁচনিৰ বিষয়ে অতিৰিক্ত তথ্য নিম্নলিখিত শুল্কহীন নম্বৰ ১৮০০১০২৭৪৮০ আৰু ১০৪ লৈ ফোন কৰি প্ৰাপ্ত কৰিব পৰা যায় |
তদুপৰি, এই আঁচনিৰ বাবে ৰাইজে প্ৰত্যক্ষভাৱে জিলা কিয়স্কসমূহৰ কাষ চাঁপিব পাৰে,জিলা কিয়স্কসমূহ ৰাজ্যৰ সকলো জিলাত স্থাপন কৰা হৈছে |