পূৰ্ব-অনুমোদন
- স্বত্বভোগীয়ে নেটৱৰ্ক চিকিৎসালয়ৰ হেল্পডেস্ক ত আৰোগ্যমিত্রক লগ ধৰা উচিত |
- আৰোগ্য মিত্র অটল অমৃত অভিযানৰ স্বাস্থ্য কার্ড সত্যতা পৰীক্ষা কৰে আৰু ৰোগীক নগদবিহীন আঁচনিৰ অধীনত পঞ্জীয়ন কৰে।
- প্ৰাক-অনুমোদন প্ৰক্ৰিয়াই স্বত্বভোগীৰ চিকিৎসালয়ৰ আৱাসিক ৰোগীৰ পঞ্জীয়ন আৰম্ভ কৰে |
- ৰোগ নিৰ্ণয়ৰ ওপৰত ভিত্তি কৰি নেটৱৰ্ক চিকিৎসালয়(তালিকাভুক্ত চিকিৎসালয়সমূহে) ৰোগীসমূহক ভৰ্তি কৰে আৰু আইএছএলৈ ই-পূৰ্বঅনুমোদন পঠিয়ায় | কেৱল কেছসমূহতে, য’ত ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰা হয়, পূৰ্ব-অনুমোদন প্ৰক্ৰিয়া কৰা হয় |
পূৰ্ব-অনুমোদনৰ সৱিশেষ পৰীক্ষা কৰা
পূৰ্ব-অনুমোদন প্ৰক্ৰিয়াৰ সময়চোৱাত, নিম্নলিখিতসমূহ পৰীক্ষা কৰা আৰু সেই অনুসৰি প্ৰক্ৰিয়া কৰা হয় |
- স্বত্বভোগীৰ সৱিশেষ
- স্বত্বভোগীৰ চিনাক্তকৰণ
- ভর্তিৰ তাৰিখ
- ৰোগ নির্ণয়
- থকাৰ আনুমানিক সময়কাল
- ক্লিনিকেল নোট / ক্লিনিকেল ইতিহাস
- সমগ্ৰ বাধ্যতামূলক অনুসন্ধানৰ ৰিপৰ্টসমূহ আৰু যদি অন্য কোনো প্রাসঙ্গিক অনুসন্ধান আছে
- য’তেই প্রযোজ্য হয়, ক্লিনিকেল তথ্য ফর্ম সহ চিকিৎসালয়ৰ দ্বাৰা নির্বাচিত পেকেজ
- চিকিৎসা কৰা চিকিৎসকৰ পঞ্জীয়ন নম্বৰৰ সৈতে নাম তথা যোগ্যতা
নোট: বিভিন্ন পদ্ধতিৰ বাবে প্রয়োজনীয় অনুসন্ধান প্রতিবেদন তালিকা চূড়ান্ত কৰা হৈছে আৰু সংযুক্ত কৰা হৈছে, অৱশ্যে চিকিৎসালয়ৰ পৰা প্ৰাপ্ত নথিপত্ৰসমূহৰ ওপৰত ভিত্তি কৰি স্থাপিত
পূৰ্ব-অনুমোদন প্রক্রিয়াকৰণ
ডক্টৰ @ আইএছএ নথিপত্ৰসমূহ পৰীক্ষা কৰিব আৰু পূৰ্ব-অনুমোদন অনুৰোধ প্ৰক্ৰিয়া কৰিব (অনুমোদন / প্রশ্ন / প্রত্যাখিত)।
জৰুৰী পূৰ্ব-অনুমোদনৰ অনুমোদনসমূহৰ প্রক্রিয়া কৰা
প্রযুক্তিগত জৰুৰী ক্ষেত্রত, যেনে:
- জৰুৰী ক্ষেত্ৰত / জৰুৰী ক্লিনিকেল হস্তক্ষেপৰ প্রয়োজন
- জৰুৰীকালীন চিকিৎসাত ইন্টাৰনেট কাম নকৰা
- জৰুৰীকালীন চিকিৎসাত চিষ্টেম কাম নকৰা
- কাৰিকৰী কাৰণত চিকিৎসালয়ত কিয়স্ক কার্যকৰী নকৰা
মেডিকেল / চাৰ্জিকেল পূৰ্ব-অনুমোদন টেলিফোনেৰে তালিকাভুক্ত চিকিৎসালয়সমূহে গ্ৰহণ কৰিছে - জৰুৰী টেলিফোনীক ইনটিমেশ্বন (ইটিআই) যিটোৰ ভ’ইচ ৰেকর্ডিং সুবিধা আছে।
- ৰোগ নিৰ্ণয়ৰ ন্যূনতম প্ৰয়োজনীয় তথ্য, বাধ্যতামূলক অনুসন্ধান ৰিপোর্ট, জৰুৰী কাৰণ, এইবোৰ সংগ্ৰহ কৰি চৰ্তাধীন অনুমোদন দিয়া হয় |
- চিকিৎসা কৰা চিকিৎসকসকলৰ, পূৰ্ব-অনুমোদন কাৰ্য্যবাহীৰ মাজত ক’ল কনফাৰেন্স সম্পন্ন কৰা হ’ব |
- এটা জৰুৰী টেলিফোনিক ইনটিমেশ্বন (ইটিআই) নম্বৰ তৈয়াৰ কৰা হ’ব।
- ২৪ ঘন্টা ভিতৰত চিকিৎসা আৰম্ভ কৰাটো নিশ্চিত কৰক
- প্রয়োজনীয় ন’ন-ক্লিনিকেল নথিসমূহৰ উৎপাদন-হীনতা ইটিআই উত্থাপনৰ বাবে কাৰণ হোৱা উচিত নহয় |
- পৰবর্তী ৪৮ ঘণ্টাৰ ভিতৰত যোগ্যতা সুনিশ্চিত কৰিবলৈ প্রাসঙ্গিক নথিসমূহৰ বাবে তালিকাভুক্ত চিকিৎসা লয়সমূহ অনুসৰণ কৰক।
- পূৰ্ব-অনুমোদন প্ৰক্ৰিয়াৰ অনুমোদনৰ পৰা হোৱা বিচ্যুৰ্তি ইটিআইৰ দ্বাৰা ৬ ঘন্টাৰ ভিতৰত জনাব লাগে |
যদিহে ৰোগী ৪৮ ঘন্টাৰ ভিতৰত চিনাক্তকৰণ কৰাত ব্যর্থ হয়, অনুমোদন বাতিল কৰা হ’ব আৰু ৰোগীয়ে চিকিৎসাৰ খৰচ বহন কৰিব লাগিব আৰু এই সম্পৰ্কত চিকিৎসালয়ে ৰোগীৰ পৰা এটা উপযুক্ত ঘোষণা গ্ৰহণ কৰা উচিত ।